আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস

আজি ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস। ৰক্তদানৰ প্ৰতি ব্যাপক সজাগতা সৃষ্টিৰ লগতে ৰক্তদানৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সচেতন কৰিবলৈ ১ অক্টোবৰত এই দিৱস পালন কৰা হয়। ১৯৭৫ চনত INDIAN SOCIETY OF BLOOD TRANSFUSION AND IMMUNOHEMATOLOGY উদ্যোগত এই দিৱস উদযাপনৰ আৰম্ভণি হৈছিল।

জৰুৰী অৱস্থাত ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰাকৈ প্ৰতিগৰাকী সুস্থ ব্যক্তিয়ে যাতে নিৰ্ভয়ে ৰক্তদান কৰিব পাৰে তাৰবাবে অৱগত কৰিবলৈ এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হয়। তদুপৰি ৰক্তৰ জটিল ৰোগত ভূগি থকা লোকসকলৰ বাবে ৰক্তদানৰ গুৰুত্ব সম্পর্কে জনসাধাৰণক সজাগ কৰা হয়।

ৰাজ্যৰ বিভিন্ন স্থানত স্বেচ্ছাসেৱী ৰক্তদান সংস্থা, ব্লাড বেংক আৰু বিভিন্ন চিকিৎসা সংস্থাৰ উদ্যোগত এই দিৱসৰ কাৰ্য্যসূচী লোৱা হৈছে। গোৱালপাৰা চহৰৰ এখন হাস্পাতালটো এই উপলক্ষে সজাগতামূলক সভা, শোভাযাত্ৰা আৰু ৰক্তদান শিবিৰ মুকলি কৰা হৈছে। এই শিবিৰত চিকিৎসক, নাৰ্চ আৰু গোৱালপাৰাৰ স্বেচ্ছাসেৱী সংস্থাসমূহৰ সদস্যই অংশ লৈছে।