মধ্য প্ৰদেশৰ ইন্দোৰত ব্ৰীকছ সন্মিলন ২০২৬ আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা কৃষি কৰ্মগোটৰ গুৰুত্বপূৰ্ণ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন অহা ১৩ জুনত সামৰণি পৰিব। এই লন্মিলনত কৃষ্টি মন্ত্রী, কৃষি বিজ্ঞানী, জ্যেষ্ঠ বিষয়া, নীতি নিৰ্ধাৰক আৰু ২০ খন দেশৰ বিশেষজ্ঞসকলে অংশগ্রহণ কৰিব। কেন্দ্ৰীয় কৃষি মন্ত্রী শিৱৰাজ সিং চৌহানে সন্মিলনৰ প্ৰথম তিনিদিনৰ বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব। ৯ জুনৰ পৰা ১১ জুনলৈ কৃষি কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হ’ব আৰু ১২ৰ পৰা ১৩ জুনলৈ ৰাজ্যসমূহৰ কৃষি মন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ’ব। এই সময়ছোৱাত পশুপালন, মীন পালন, কৃষকৰ অধিকাৰ আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই সন্মিলনত খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন, কৃষি বাণিজ্য, যোগান শৃংখলা, ডিজিটেল কৃষি, কৃত্রিম বুদ্ধিমত্তা, কৃষকৰ কল্যাণ, গৱেষণা সহযোগিতাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব।
Assamese | June 9, 2026 1:00 PM | Bricks Meeting
আজি মধ্য প্ৰদেশৰ ইন্দোৰত ব্ৰীকছ সন্মিলন ২০২৬ আৰম্ভ