আজি বিশ্ব ধ্যান দিৱস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২১ ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে। কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক।
ভাৰতৰ আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে ধ্যান শীৰ্ষক অনুষ্ঠানৰ নেতৃত্ব দিয়ে। যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক ধ্যান আৰু যোগৰ সাধনা কৰিবলৈ জনোৱা আহ্বানক স্মৰণ কৰি আধ্যাত্মিক গুৰুগৰাকীয়ে কয়, যে মানুহৰ জীৱনটোও বৰ্তমান এক যুদ্ধক্ষেত্ৰ হৈ পৰিছে। কিয়নো বিভিন্ন চিন্তাই বর্তমান মানুহক উদ্বিগ্ন কৰি ৰাখে। শ্ৰীকৃষ্ণই দিয়া এই পৰামৰ্শক উদাহৰণ হিচাপে লৈ আধ্যাত্মিক গুৰুগৰাকীয়ে কয়, যে ইউক্রেইনৰ যুদ্ধত আঠ হাজাৰ সৈনিকে অন্ধকাৰ আৰু হতাশাৰ মাজেৰে যুঁজ কৰি আছিল যদিও ধ্যানে তেওঁলোকৰ মনত শান্তি দিছিল। বিশ্বত শান্তি স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এই ধ্যান কাৰ্যসূচীৰ বিভিন্ন দেশত কূটনীতিবিদ, ৰাষ্ট্ৰসংঘৰ বিষয়ববীয়া আৰু যোগ নেতাসকলে অংশগ্ৰহণ কৰে। যোৱা বছৰ ২১ ডিচেম্বৰত বিশ্ব ধ্যান দিৱস হিচাপে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল আৰু ভাৰতকে ধৰি এন্দোৰা, মেক্সিকো, নেপাল আৰু শ্ৰীলংকাই এই দিৱস উদযাপন কৰিছে।
Assamese | December 21, 2025 11:07 AM | world meditation day
আজি বিশ্ব ধ্যান দিৱস