প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু হাৰিয়ানাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্রী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনতে আয়োজন কৰা ৰাজস্থান বিশ্ব বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৫ হাজাৰৰো অধিক ব্যৱসায় আৰু বাণিজ্য প্রতিনিধি, আগশাৰীৰ উদ্যোগপতি, কূটনীতিবিদ আৰু বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰিব। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শর্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রী সন্মিলনত উপস্থিত থাকিব। আনহাতে প্রধানমন্ত্রীয়ে আজি হাৰিয়ানাৰ পাণিপথৰ মহাৰাণা প্রতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল প্রাঙ্গণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভাৰতীয় জীৱন বীমা নিগমৰ বীমা সখী যোজনা মুকলি কৰিব। ১৮ৰ পৰা ৭০ বছৰ বয়সৰ দশম শ্রেণী উত্তীৰ্ণ মহিলাসকলৰ সবলীকৰণৰ বাবে ভাৰতীয় জীৱন বীমা নিগমে এই বীমা সখী যোজনা মুকলি কৰিছে। এই যোজনাৰ অধীনত মহিলাসকলৰ মাজত বিত্তীয় সাক্ষৰতা আৰু বীমা সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক বিশেষ প্রশিক্ষণ প্ৰদান কৰা হ’ব।
Assamese | December 9, 2024 1:05 PM | narendra modi | PMO India
আজি প্রধানমন্ত্ৰী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব