কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে আজিৰে পৰা ১৭ জুলাইলৈ স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ ৰাওনা হোৱা এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে প্রকাশ কৰা মতে এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য, বিনিয়োগ, প্রযুক্তি, উদ্ভাৱন আৰু বহনক্ষমতাক গুৰুত্ব আৰোপ কৰি ইউৰোপৰ সৈতে ভাৰতৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে।
ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রীগোৱেল আজি স্পেইনলৈ যাব আৰু তাত তেওঁ স্পেইনৰ চেম্বাৰ অৱ কৰ্মাচ, চিই অই, আই চি ই এক্স-স্পেইন বাণিজ্য আৰু বিনিয়োগৰ সৈতে ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিব। এই বৈঠকে স্পেইন আৰু ভাৰতৰ ঔদ্যোগিক নেতাসকলক মটৰ বাহন, নবীকৰণযোগ্য শক্তি, ৰে’লৱে, কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, খাদ্য প্ৰসংস্কৰণ আৰু পৰ্যটন খণ্ডত অন্বেষণৰ সুযোগ দিব।
ইয়াৰ পাছত শ্রীগোৱেলে কাইলৈ আৰু পৰহিলৈ বেলজিয়াম ভ্রমণ কৰিব। কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে থেলছ গ্রুপ আৰু ছাইলক্স গ্ৰুপৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব। শ্রীগোৱেলে ১৬ আৰু ১৭জুলাইত ফিনলেগুলৈ যাব তাত তেওঁ ভাৰত-ফিনলেণ্ড ব্যৱসায় ঘূৰণীয়া মেজমেলত ভাগ ল’ব। তেওঁ যোগাযোগ, উন্নত নির্মাণ ব্যৱস্থা, বিশুদ্ধ শক্তি, আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নকিয়া, ক’ন, কেম্পি গ্রুপ আৰু ভিটিটি গৱেষণা কেন্দ্রকে ধৰি দেশখনৰ আগশাৰীৰ কোম্পানী তথা গবেষণা প্রতিষ্ঠানসমূহ পৰিদৰ্শন কৰিব।