■ বিজেপিৰ সদস্যতা ভর্তি অভিযান আজিৰে পৰা আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলত তেওঁৰ সদস্যতাৰ নবীকৰণৰ বাবে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ পৰা প্ৰমাণ-পত্ৰ গ্ৰহণেৰে এই অভিযানৰ শুভাৰম্ভ কৰা হ’ব। বৰ্তমানৰ দলৰ সকলো সদস্যই তেওঁলোকৰ সদস্যতাৰ নবীকৰণ কৰাব লাগিব। বিজেপিৰ সংবিধান অনুসৰি প্ৰতি ৫ৰ পৰা ৬ বছৰত সদস্যতা অভিযান অনুষ্ঠিত হয়। আজিৰ পৰা অহা ১০ নৱেম্বৰলৈকে বিভিন্ন পৰ্যায়ত এই অভিযান চলোৱা হ’ব। সদস্যতা অভিযানৰ প্ৰথম পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত সামৰণি পৰিব। জনসাধাৰণে মিছড কল অথবা দলৰ ৱেবছাইট আৰু অন্যান্য ডিজিটেল মঞ্চৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।
Assamese | September 2, 2024 9:00 AM | BJP | BJP Join
আজিৰে পৰা আৰম্ভ বিজেপিৰ সদস্যতা ভর্তি অভিযান