অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে অহা মাহৰ ১৫ তাৰিখলৈ অমৃত উদ্যান পৰিদৰ্শন কৰিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যান গ্রীষ্মকালীন-২০২৪ বুধবাৰে মুকলি কৰিছিল। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলক অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষ্যে অমৃত উদ্যান দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি বিদ্যালয়-বিশ্ব বিদ্যালয়ৰ শিক্ষকসকলক অমৃত উদ্যানলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই উদ্যানখনৰ মূল আকৰ্ষণ হ’ল – গ্ৰীষ্মকালীন উদ্ভিদসমূহৰ বিচিত্ৰতা, বিৰল আৰু বিদেশী ফুলৰ প্ৰাকৃতিক দৃশ্য, গোলাপৰ বাগিছা, আঁহত ইত্যাদি। দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে কেন্দ্ৰীয় সচিবালয় মেট্ৰ’ ষ্টেচনৰ পৰা বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ ৱেবছাইটত এই টিকটসমূহ উপলব্ধ আছে আৰু অমৃত উদ্যানৰ প্ৰবেশ বিনামূলীয়া বুলিও আমাৰ সংবাদদাতাই জনাইছে।
Assamese | August 16, 2024 6:50 PM | Amrit Udyan
আজিৰে পৰা অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি