January 22, 2026 8:40 PM

views 58

অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি

ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ ভিতৰত থকা অমৃত উদ্যান অহা ৩ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হ'ব। ৰাষ্ট্ৰপতিৰ সচিবালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই অমৃত উদ্যান খোলা থাকিব। প্রতি দেওবাৰে উদ্যানখন বন্ধ থাকিব। জনসাধাৰণে বিনামূলীয়াকৈ উদ্যানত প্ৰৱেশ কৰিব পাৰিব। তদুপৰি visit.rashtrapatibhavan.gov.in বেবচাইটৰ জৰিয়তে আগতীয়াকৈ টিকট বুক কৰিব পাৰিব।

August 16, 2024 6:50 PM

views 40

আজিৰে পৰা অমৃত উদ্যান জনসাধাৰণৰ বাবে মুকলি

অমৃত উদ্যান আজিৰে পৰা জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে অহা মাহৰ ১৫ তাৰিখলৈ অমৃত উদ্যান পৰিদৰ্শন কৰিব পাৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত অমৃত উদ্যান গ্রীষ্মকালীন-২০২৪ বুধবাৰে মুকলি কৰিছিল। চলিত বৰ্ষত প্ৰথমবাৰৰ বাবে ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলক অহা ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উপলক্ষ্যে অমৃত উদ্যান দৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তদুপৰি বিদ্যালয়-বিশ্ব বিদ্যালয়ৰ শিক্ষকসকলক অমৃত উদ্যানলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই উদ্যানখনৰ মূল আকৰ্ষণ হ'ল – গ্ৰীষ্মকাল...