ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ ব্যয়সাধ্যতা আৰু সেৱাৰ বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন কৰিছে। সংশোধিত ভাড়াৰ গাঁথনিৰ অধীনত উপকণ্ঠীয় আৰু অন্যান্য দুয়োটা পথকে ধৰি উপকণ্ঠীয় সেৱা আৰু ছিজন টিকটৰ ভাড়াৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আজি বা আগলৈ বুকিং কৰা টিকটতহে এই সংশোধিত ভাড়া প্রযোজ্য হ’ব। অৱশ্যে, নতুন নিৰিখ প্রযোজ্য হোৱাৰ পূৰ্বে কটা (বুক কৰা) টিকটৰ যাত্ৰা পাছলৈ হ’লেও, সেইক্ষেত্ৰত সংশোধিত ভাড়া প্রযোজ্য নহ’ব।
সাধাৰণ অ-বাতানুকুল সেৱাৰ, দ্বিতীয় শ্ৰেণীৰ সাধাৰণ, শ্লীপাৰ শ্ৰেণীৰ সাধাৰণ আৰু প্ৰথম শ্ৰেণীৰ সাধাৰণ টিকটৰ ক্ষেত্ৰত ভাড়া যুক্তিসংগতভাৱে সালসলনি কৰা হৈছে।
সেই অনুসৰি, দ্বিতীয় শ্ৰেণীৰ সাধাৰণ যাত্ৰাত ২১৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া বৃদ্ধি কৰা হোৱানাই যদিও ২১৬ কিলোমিটাৰৰ পৰা ৭৫০ কিলোমিটাৰলৈ দূৰত্বৰ বাবে পাঁচ টকাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। ৭৫১ কিলোমিটাৰৰ পৰা ১২৫০ কিলোমিটাৰ দূৰত্বৰ বাবে ১০ টকা ১২৫১ কিলোমিটাৰৰ পৰা ১৭৫০ কিলোমিটাৰৰ মাজৰ দূৰত্বৰ বাবে ১৫ টকা আৰু ১৭৫১ কিলোমিটাৰৰ পৰা ২২৫০ কিলোমিটাৰৰ মাজৰ দূৰত্বৰ বাবে ২০ টকাকৈ ভাড়া বৃদ্ধি পাইছে।
সাধাৰণ শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ প্ৰথম শ্ৰেণীৰ যাত্ৰাৰ বাবে প্ৰতি কিলোমিটাৰত ১ পইচা হাৰত ভাড়া সংশোধন কৰা হৈছে। মেইল আৰু এক্সপ্ৰেছ ৰে’লত বাতানুকুল আৰু অ-বাতানুকুল যাত্ৰাত প্রতি কিলোমিটাৰত দুপইচাকৈ ভাড়া বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত শ্লীপাৰ, প্ৰথম শ্ৰেণী, এচি চেয়াৰ কাৰ, এচি ৩-টিয়াৰ, এচি ২-টিয়াৰ, আৰু এচি ফাৰ্ষ্ট ক্লাছ সন্নিৱিষ্ট আছে।
অনুমোদিত শ্রেণীভিত্তিক মৌলিক ভাড়া-বৃদ্ধিৰ সৈতে সংগতি ৰাখি তেজস ৰাজধানী, ৰাজধানী, শতাব্দী, দূৰন্ত, বন্দে ভাৰত, হামছফৰ, অমৃত ভাৰত, তেজস আদি প্ৰধান ৰেল সেৱাৰ বৰ্তমানৰ মৌলিক ভাড়াৰো সংশোধন কৰা হৈছে। ৰে’ল মন্ত্ৰালয়ে জনোৱা মতে, সংৰক্ষণ মাচুল, ছুপাৰফাষ্ট অতিৰিক্ত মাচুল বা অন্যান্য আনুষংগিক মাচুলৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই আৰু সেইসমূহ বৰ্তমানৰ নিৰিখ অনুসৰিয়ে আৰোপ কৰা হ’ব। ইয়াত লগতে, জিএছটি প্রযোজ্যতা অপৰিৱৰ্তিত থাকিব বুলিও কর্তৃপক্ষই জানিবলৈ দিছে।
Assamese | December 26, 2025 2:17 PM | Indian Railway Fair
আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন ভাৰতীয় ৰে’লৱেৰ