কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া ত্ৰিপুৰা ভ্ৰমণৰ অংশ হিচাপে আজি আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্ম-সহায়ক গোটৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰসমূহক উন্নত কৰা আৰু পোষণ অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১২ বছৰত ৫০ বাতকৈও অধিক বাৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা কল্যাণ আঁচনিসমূহৰ সুবিধা যাতে সকলো নাগৰিকে লাভ কৰে, সেইটো সুনিশ্চিত কৰাৰ বাবে তেওঁ মহিলা নেতৃত্ব আৰু প্ৰতিনিধিসকলক সক্রিয়ভাৱে কাম-কাজ কৰি যোৱাৰ বাবে আহ্বান জনায়।
Assamese | June 30, 2026 7:49 PM | Arnapurna devi
আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্ম-সহায়ক গোটৰ সদস্যসকলৰ সৈতে অন্নপূর্ণা দেৱীৰ মত-বিনিময়