June 30, 2026 7:49 PM

views 14

আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্ম-সহায়ক গোটৰ সদস্যসকলৰ সৈতে অন্নপূর্ণা দেৱীৰ মত-বিনিময়

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে ৩ দিনীয়া ত্ৰিপুৰা ভ্ৰমণৰ অংশ হিচাপে আজি আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্ম-সহায়ক গোটৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দিয়া ভাষণত মন্ত্ৰীগৰাক...