ৰাজ্যত আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত স্থানীয় বিধায়কসকলক অধ্যক্ষ হিচাপে লৈ প্ৰতিটো ধান ক্রয় কেন্দ্ৰৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সদস্যৰে একোখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা আৰু মত বিনিময় সভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰৰ লগতে ধানৰ ন্যূনতম সমৰ্থন মূল্যত ৰাজ্য চৰকাৰে আগবঢ়োৱা অৰিহণা কেৱল যাতে খেতিয়কসকলেহে লাভ কৰে, তাক সুনিশ্চিত কৰিব লাগিব। ইপিনে, সুলভ মূল্যৰ দোকানীসকলে প্ৰতিমাহৰ ২০ তাৰিখৰ ভিতৰত তেওঁলোকৰ প্ৰাপ্য কমিছন লাভ কৰাটো নিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। শ্ৰী ৰায়ে এই বৈঠকত যোগ্য হিতাধিকাৰীসকলক অন্তৰ্ভুক্ত কৰি অন্ন সেৱা অভিযান অব্যাহত ৰখাৰ উদ্দেশ্যে ৩১ জুলাইৰ ভিতৰত ৰেচন কাৰ্ড পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ দিয়ে। ইয়াৰ জৰিয়তে আধাৰ নম্বৰ আধাৰিত পুনৰীক্ষণ, ই -কে ৱাই চি পুনৰীক্ষণ কৰি কাৰ্ড পোৱাৰ পাছতো ছমাহ বা তাতকৈ অধিক সময় বিনামূলীয়া চাউল গ্রহণ নকৰা হিতাধিকাৰীৰ বিষয়টো পুনৰীক্ষণ কৰি প্ৰকৃত পৰিয়ালৰ বাবে ৰেচন কাৰ্ড লাভ কৰাৰ পথ প্ৰশস্ত কৰা হ’ব। তেওঁ কয় যে জটিল ৰোগত আক্ৰান্ত লোকক ৰেচন কাৰ্ড প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোৱে দায়বদ্ধতাৰে কাম কৰিব লাগিব। তেওঁ কয় যে বিভাগৰ উচ্চ স্তৰৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীৰ লগতে সুলভ মূল্যৰ দোকানীলৈকে সকলোৰে নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ৰাজ্যখনে স্মার্ট পি ডি এছ ব্যৱস্থা প্ৰৱৰ্তনত দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে সমর্থ হৈছে। এই সাফল্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
Assamese | July 16, 2026 11:44 AM | kushik roy
আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত ধান ক্রয় কেন্দ্ৰসমূহৰ বাবে একোখন সমিতি গঠন কৰিবলৈ চৰকাৰৰ নিৰ্দেশ