আগষ্টৰ প্ৰথম সপ্তাহৰপৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাবে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্রকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, ডাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ’বলগীয়া পূর্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়।

গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ নিৰ্মাণৰ বাবে নিবিদা প্রক্রিয়া আৰম্ভ হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়। অহা এমাহৰ ভিতৰত নুমলিগড় আৰু গহপুৰৰ মাজৰ ১৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ সুৰংগ নিৰ্মাণৰ বাবে নিবিদা প্ৰক্ৰিয়া অহা মাহৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে।

তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে পথচোৱা ৪ টা লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰসৈতে আলোচনা কৰিছে বুলি ড° শৰ্মাই প্রকাশ কৰে। এই সাক্ষাৎকালত গুৱাহাটী বিমান বন্দৰৰ পৰা গড়ল, ধাৰাপুৰ চাৰিআলিলৈকে পথছোৱাত এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱেৰ প্ৰথম পৰ্যায়ত ২৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে শিলচৰৰ পৰা বৰাপানীলৈ এই পথ নিৰ্মাণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰিছিল। দ্বিতীয় পৰ্যায়ত এই আঁচনিৰ বৰাপানীৰ পৰা গুৱাহাটীলৈ, তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুর্থ পর্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ সম্প্ৰসাৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৰে নিৰ্মাণৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয়। উন্নয়নমূলক সকলো কাম-কাজ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্রীয়ে জনসাধাৰণৰ সহায়-সহযোগিতা কামনা কৰে।