আকাশবাণী বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্রমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিবেশকসকলৰ দ্বাৰা পৰিবেশনৰ দিহা কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আন্তর্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত আজি আন্তর্জাতিক নাৰী দিৱস উপলক্ষে এখন সভা আয়োজন কৰা হয়। এই সভাত মহিলা অনুষ্ঠান পৰিবেশক, বাতৰি পৰিবেশক তথা মহিলা কৰ্মচাৰীসকলক কেন্দ্ৰটোৰ পুৰুষ সহকৰ্মী আৰু কৰ্তৃপক্ষই সকলোকে একোপাহ ফুলেৰে আদৰণি জনায়। অনুষ্ঠানত বি বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জয়শ্ৰী বৰঠাকুৰ আৰু কটন বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ অকুণ্ঠিতা বৰঠাকুৰ উপস্থিত থাকে। লেখিকা তথা আকাশবাণী গুৱাহাটীৰ শ্ৰোতা বকুলী বৈশ্য আৰু সবিতা কলিতাও এই অনুষ্ঠানত উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ মুৰব্বী কর্ড লীনা থেংকিউৱে সভাত আদৰণি ভাষণেৰে সকলোকে শুভেচ্ছা জনায়। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰইও আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি নাৰী অধিকাৰ আৰু সৱলীকৰণ সন্দৰ্ভত এলানি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিছে। এই উদ্দেশ্যে আজি পুৱা ৭.৩০ বজাৰ পৰা নিশা ১০ বজালৈকে প্ৰচাৰ হ’বলগীয়া অনুষ্ঠানসমূহত মহিলা বিষয়ক আলোচনা প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে।
Assamese | March 8, 2025 1:03 PM | International Women's Day | Womens day
আকাশবাণী বাতৰি বিভাগৰ ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ ব্যতিক্রমভাৱে উদযাপন