March 8, 2025 4:01 PM

views 81

নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈ আহিছেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে নাৰীসকলৰ সাফল্য আৰু অৱদানক স্বীকৃতি দিয়াৰ বাবেই এই দিৱস পালন কৰা হৈ আহিছে। তেওঁ কয়, যে দেশৰ ভগ্নী আৰু কন্যাসকলে সকলো বাধা অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আৰু চৰকাৰে নাৰীৰ অধিকাৰ, সমতা তথা সবলীকৰণক শক্তিশালী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দেশৰ প্ৰতিজন লোককে জীৱন যাত্ৰাত নাৰীসকলক সমর্থন কৰিবলৈ আৰু কোনো যাতে পিছপৰি নৰয় সেয়া নিশ্চিত কৰিবলৈ...

March 8, 2025 3:54 PM

views 49

প্রধানমন্ত্ৰী মোদীয়ে এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আজি এদিনৰ বাবে তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্ট অনুপ্ৰেৰণাদায়ক নাৰীসকলৰ হাতত অৰ্পণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয়, যে আজি পুৱাৰেপৰা তেওঁৰ একাউণ্টৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অতুলনীয় সাফল্য লাভ কৰা নাৰীসকলে আন নাৰীক প্ৰভাৱিত কৰিব পৰাকৈ তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰচাৰ কৰিছে। এই মহিলাসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোক দক্ষতাপূৰ্ণ বুলি উল্লেখ কৰি শ্রীমোডীয়ে কয়, যে তেওঁলোক ভাৰতৰ নাৰী শক্তিৰ প্ৰতীক হি...

March 8, 2025 1:03 PM

views 57

আকাশবাণী বাতৰি বিভাগৰ ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস’ ব্যতিক্রমভাৱে উদযাপন

আকাশবাণী বাতৰি বিভাগে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিছু ব্যতিক্রমীভাৱে উদযাপন কৰিছে। সেই অনুসৰি কালি মাজনিশাৰে পৰা আজি সমগ্ৰ দিনটোৰ হিন্দী আৰু ইংৰাজী ভাষাৰ বাতৰি মহিলা পৰিবেশকসকলৰ দ্বাৰা পৰিবেশনৰ দিহা কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজ...

March 8, 2025 12:55 PM

views 252

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

March 7, 2025 8:40 PM

views 80

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ বিশেষ অনুষ্ঠান

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাকক্ষণত আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ কুমাৰ ভাটনাগৰৰ উদ্যোগত আজি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ চৌহদত নাৰী দিৱসৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত প্ৰচাৰ ভাৰতীৰ গুৱাহাটীত অৱস্থিত কাৰ্যালয়সমূহৰ সমূহ মহিলা কৰ্মচাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত মহিলা কৰ্মচাৰীসকলে তেওঁলোকৰ পৰম্পৰাগত পোচাক পৰিধান কৰি অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি অতিৰিক্ত সঞ্চালক প্রধান শ্ৰীভাটনাগৰে নাৰীশক্তিক দেশৰ প্ৰগতিৰ অন্যতম চালিকা শক...

March 6, 2025 8:32 PM

views 51

আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পৰহিলৈ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। নাৰী শক্তিৰে বিকশিত ভাৰত বিষয়বস্তুৰে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে এই সন্মিলনখনৰ আয়োজন কৰিছে। সামৰিক আৰু অৰ্ধসামৰিক বাহিনীৰ বিষয়া, দিল্লী পুলিচৰ বিষয়া, মাই ভাৰত স্বেচ্ছাসেৱক, অংগনবাড়ী কর্মী, আশা কৰ্মী আৰু আত্মসহায়ক গোটৰ সদস্য সমন্বিতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে বিশ্ব বেংক, ইউনিছেফ, ৰাষ্ট্ৰসংঘৰ মহিলা গোটকে ধৰি কেইবাটা...

March 6, 2025 5:56 PM

views 70

আন্তর্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত আৰু সংবাদ চলন্তিকা অনুষ্ঠান প্ৰচাৰ

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আন্তর্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব।

March 6, 2025 11:27 AM

views 62

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ আন্তৰ্জাতিক নাৰী দিৱস বিশেষ ‘দৃষ্টিপাত

■ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা তিনিগৰাকী নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ইয়াৰ উপৰি বাতৰি বিভাগে দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আন্তর্জাতিক নাৰী দিৱস সম্পৰ্কত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব।