আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ন বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্য্যৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি যোগভ্যাসৰ বিভিন্ন দিশ সম্পর্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্রোতাসকলে ৯২৮৯০ ৯৪০৪৪ নম্বৰত ৱাটছএপ যোগেও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। ইয়াৰ লগতে আমাৰ ৱেৱছাইট newson air.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান প্ৰচাৰ হ’ব।
Assamese | June 17, 2024 12:04 PM | Public Speak at AKASHVANI
আকাশবাণী দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত আলোচনা