আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি

নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্রেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি কৰা হয়। পদ্মবিভূষণ সন্মানেৰে বিভূষিত প্রসিদ্ধ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াই বীথিকাটো মুকলি কৰে। এই বীথিকাত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কেইবাগৰাকীও বিশ্ববৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি প্রদর্শিত হৈছে। এই শিল্পীসকলৰ ভিতৰত বিদুষী এম এছ শুভলক্ষ্মী, ওস্তাদ বিছমিল্লা খাঁ, পণ্ডিত ভীমসেন যোশী, পণ্ডিত ৰবিশংকৰ, লতা মংগেশকাৰ আৰু ড০ ভূপেন হাজৰিকা অন্যতম।

আজিৰ অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণী আৰু দূৰদৰ্শন বাতৰি বিভাগৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈন উপস্থিত থাকে। অনুষ্ঠানত শ্রীদ্বিবেদীয়ে কয় যে আমাৰ দেশৰ সুসমৃদ্ধ সাংগীতিক ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণীয়ে সদায়ে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। আকাশবাণীয়ে ভাৰতীয় শাস্ত্রীয় সংগীত, কর্ণাটকী সংগীত, লোকসংগীত, ভক্তিমূলক সংগীত, বোলছবি জগতৰ সংগীত, ৰবীন্দ্ৰ সংগীতকে ধৰি সংগীতৰ বহুকেইটা দিশ সামৰি সেইসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিৰৱচিন্নভাবে কাম কৰি আছে বুলিও শ্রীদ্বিবেদীয়ে লগতে কয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।