July 1, 2026 8:58 PM
8
আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি
নতুন দিল্লীৰ আকাশবাণী ভৱনৰ ৰং ভৱন প্রেক্ষাগৃহত আজি আকাশবাণীৰ সম্প্ৰচাৰণ ভৱন ফটো বীথিকা-স্বৰ প্ৰেৰণা বীথিকা মুকলি কৰা হয়। পদ্মবিভূষণ সন্মানেৰে বিভূষিত প্রসিদ্ধ বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াই বীথিকাটো মুকলি কৰে। এই বীথিকাত ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কেইবাগৰাকীও বিশ্ববৰেণ্য শিল্পীৰ প্ৰতিচ্ছবি প্রদর্শিত হৈছে। এই শিল্পীসকলৰ ভিতৰত বিদুষী এম এছ শুভলক্ষ্মী, ওস্তাদ বিছমিল্লা খাঁ, পণ্ডিত ভীমসেন যোশী, পণ্ডিত ৰবিশংকৰ, লতা মংগেশকাৰ আৰু ড০ ভূপেন হাজৰিকা অন্যতম। আজিৰ অনুষ্ঠানত প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যব...