আকাশবাণী বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত ভাগ ল’ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, প্রাক্তন মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
Assamese | June 12, 2026 11:54 AM | Dristripaat
আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা অসমত শান্তিচুক্তিৰ এটা দশক শীর্ষক আলোচনা প্ৰচাৰ