আকাশবাণীয়ে আজি চৰ্ডাৰ বল্লবভাই পেটেল বক্তৃতা শৃংখলাৰ ৬৭ সংস্কৰণৰ আয়োজন কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই বক্তৃতা প্ৰদান কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ে প্রকাশ কৰা অনুসৰি এই বক্তৃতাৰ বাণীবন্ধন ৰূপ অহা ৩১ অক্টোবৰত চৰ্ডাৰ পেটেল জয়ন্তীৰ দিনা নিশা চাৰে ৯ বজাত আকাশবাণীৰ সকলোবোৰ নেটৱৰ্কৰ জৰিয়তে প্ৰচাৰ কৰা হ’ব। উল্লেখযোগ্য যে দেশৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্ৰী তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী চৰ্চাৰ বল্লবভাই পেটেলৰ স্মৃতিত আকাশবাণীয়ে ১৯৫৫ চনৰ পৰাই এই বক্তৃতালানি আয়োজন কৰি আহিছে।
Assamese | October 27, 2026 12:55 PM | Akshvani
আকাশবাণীত আজি চৰ্ডাৰ বল্লবভাই পেটেল বক্তৃতা শৃংখলাৰ ৬৭ সংস্কৰণৰ আয়োজন