December 1, 2025 12:13 PM

views 45

তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত দুখন বাছৰ মুখামুখি সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু

● তামিলনাডুৰ শিৱগংগা জিলাৰ কুম্মানগুড়িত কালি দুখন বাছৰ মুখামুখি সংঘৰ্ষৰ ফলত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জন লোক আহত হয়। ইয়াৰে এখন বাছ তিৰুপুৰৰ পৰা কাড়াইকুড়ি অভিমুখে গৈ আছিল আৰু আনখন ডিনডিগুল জিলাৰ পৰা কাড়াইকুড়ি অভিমুখে আহি আছিল। তিৰুপটুৰ এলেকাৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত সংঘটিত এই দুৰ্ঘটনাৰ পাছতে অঞ্চলটোৰ লোক আৰু সুস্থ অৱস্থাত থকা যাত্ৰীসকলৰ সহযোগত ভগ্ন বাছ দুখনৰ তলত আৱদ্ধ হৈ ৰোৱা ভালেসংখ্যক লোকক উদ্ধাৰ কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে এই পথ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ ...

November 22, 2025 7:19 PM

views 46

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে ইয়াৰ প্ৰচাৰণ বন্ধ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ ১০ কিলোৱটি শক্তিসম্পন্ন এফ এম ট্রান্সমিটাৰটোৰ জৰুৰী মেৰামতিৰ বাবে সাময়িকভাৱে ইয়াৰ প্ৰচাৰণ বন্ধ ৰখা হৈছে। বিকল্প ব্যবস্থা হিচাপে বর্তমান এশ বাট শক্তিসম্পন্ন আন এটা ট্রান্সমিটাৰৰ পৰা এফ এম ম'ডত অনুষ্ঠান সূচী প্ৰচাৰ কৰি থকা হৈছে। গুৱাহাটীৰ নৰকাসুৰ পাহাৰত থকা আকাশবাণী আৰু গুৱাহাটীৰ আটাইকেইটা ব্যক্তিগত এফ এম ট্রান্সমিটাৰৰ এন্টেনা উন্নীতকৰণৰ বাবে অহা ২৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ মাজনিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ প্ৰচাৰণ বন্ধ কৰা হ'ব। ২৮ নৱেম্বৰৰ পৰা গুৱাহাটী আৰু...