বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাই আৰু সেয়েহে মিত্ৰজোঁটটোৰ অভ্যন্তৰীণ মতভেদ ৰাজহুৱা হৈছে। বিহাৰৰ নৱাডাৰ কুন্তীনগৰৰ এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, বিৰোধী মিত্ৰজোঁটৰ নেতাসকল তেওঁৰ প্রতিশ্রুতিকলৈ ভীতিগ্ৰস্ত হৈছে, কিয়নো তেওঁলোকে দুৰ্নীতিৰ সমৰ্থন কৰে। শ্ৰীমোদীয়ে এইবুলি অভিযোগ তোলে যে, কংগ্ৰেছ, আৰ জে ডি আৰু অন্য দলসমূহে দেশখনক বিভাজিত কৰিব খোজে, কিয়নো তেওঁলোকে সমগ্র দেশতে সমভাৱে সংবিধান ৰূপায়ণ কৰিব নিবিচাৰে। তেওঁ লগতে কংগ্ৰেছৰ ইস্তাহাৰক তোষামোদৰ নথি বুলিও অভিহিত কৰে।
Assamese | April 7, 2024 6:53 PM | Lok Sabha Election | PM Modi
আই এন ডি আই মিত্ৰজোঁটৰ কোনো স্পষ্ট দৃষ্টিভংগী নাই আৰু কোনো বিশ্বাসযোগ্যতা নাইঃ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী