August 1, 2026 1:40 PM | Aroonodoi Scheme

printer

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী

বুনিয়াদী অর্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ লগতে আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে। অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত বানৰ কৱলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে আঢ়ৈ হাজাৰ টকাকৈ হস্তান্তৰ কৰা হ’ব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ হিতাধিকাৰীসকলে এহেজাৰ ১০০ টকা লাভকৰিব।

ৰাজ্যৰ ৩ হাজাৰ ৫০০ টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ৩৭ লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্রতিমাহে ৪৭০ কোটি টকাকৈ ব্যয় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।