অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত আজি যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে অংশ লৈ এই ধবজাবাহী আঁচনিখন ৰূপায়ণৰ পৰ্যালোচনা কৰে। তেওঁ যোগ্য হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত অত্যন্ত সতর্কতা অৱলম্বন কৰাৰ লগতে আঁচনিখনৰ ক্ষেত্ৰত প্রযোজ্য চর্ত তথা নির্দেশনাসমূহ পালনৰ বাবে আহ্বান জনায়। এই অনুষ্ঠানত বিধায়ক হিতেন্দ্র নাথ গোস্বামী, ভাস্কৰজ্যোতি বৰুৱাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | November 3, 2024 7:09 PM | Orunodoi
অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ ৰূপায়ণ সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক