September 16, 2025 1:04 PM
163
অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি
বুনিয়াদি অর্থনীতি সৱলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় অহা ২৫ ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সেইদিনা দিনৰ চাৰে ১০ বজাত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভণি কৰিব। এই উপলক্ষে ৰাজ্যৰ ২৫ হাজাৰৰো অধিক ভোটগ্রহণ কেন্দ্ৰত একে সময়তে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰে ১৭ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰাৰ কথা আছিল যদিও আঁচনিখনৰ তৃতীয় পৰ্যায়ৰ মুক...