ৰাজ্যৰ বুনিয়াদী অর্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত কাইলৈ দিনৰ ১২ বজাত এই উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কৱলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে আঢ়ৈ হাজাৰ টকাকৈ হস্তান্তৰ কৰা হ’ব।
ৰাজ্যৰ ৩ হাজাৰ ৫০০ টা স্থানত একেই সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এইমাহৰ বাবে এহেজাৰ ১০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ ৩৭ লাখ গৰাকী হিতাধিকাৰী উপকৃত হ’বলগীয়া এই আঁচনিৰ ফলত ৰাজ্য চৰকাৰে প্রতিমাহে ৪৭০ কোটি টকাকৈ ব্যয় কৰিব।