মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত বুজ লোৱাৰ বাবে জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহ সুচাৰুৰূপে পালন কৰাৰ বাবে জিলা আয়ুক্তসকলক তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত মন্ত্ৰী অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে।
Assamese | December 9, 2024 1:22 PM | CMO Assam | Himanta Biswa Sarma
অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু আনন্দৰাম বৰুৱা বঁটাৰ অগ্ৰগতি সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰী বৈঠক