অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেই আজি পাক্কে ব্যাঘ্র অভয়াৰণ্যত এখন পখিলা উদ্যান মুকলি কৰে। পাক্কে কেচাং জিলাৰ চেইজোছাৰ পশ্চিম দিশত বন শিৱিৰৰ এই উদ্যানখনে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব আৰু অঞ্চলটোত পৰিৱেশ অনুকূল পৰ্য্যটনত উদগনি যোগাব। শ্ৰীবাঘেই লগতে পাক্কে ব্যাঘ্ৰ অভয়াৰণ্যৰ এটা ৱেবচাইটো মুকলি কৰে। এই ৱেবচাইটটোৰ জৰিয়তে সংৰক্ষণ, পৰ্য্যটন আৰু বৈচিত্ৰ্যৰ তথ্য সহজে লাভ কৰিব পৰা যাব।
Assamese | November 1, 2024 8:25 PM | Arunachal | biyuram Wahge
অৰুণাচল প্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসম্পদ মন্ত্রী বিয়ুৰাম বাঘেৰ পাক্কে ব্যাঘ্র অভয়াৰণ্যত পখিলা উদ্যান মুকলি