অৰুণাচল প্ৰদেশৰ দক্ষিণত অৱস্থিত চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। সেনা বাহিনীৰ স্পিয়াৰ ক’ৰ, আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ যৌথ অভিযানত জিলাখনৰ মিয়াও- বিজয়নগৰ পথৰ কাষৰ এম এছ-২৭ৰ সমীপৰ বনাঞ্চলত এই মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰি দলটোৱে ব্যাপক অনুসন্ধান চলায়। এই অভিযানত বিভিন্ন স্থানৰ পৰা মুঠ ১০ এম কিউ ৮১, চীনত নির্মিত এছাৰ্ট ৰাইফল উদ্ধাৰ কৰা হয়। এই অস্ত্ৰসমূহ বিগত বৰ্ষত আত্মসমৰ্পণৰ পূৰ্বে এন এন জিএ বনাঞ্চলত পুতি থৈছিল বুলি সেনা বাহিনীয়ে সন্দেহ কৰিছে। অভিযান চলোৱাৰ পূৰ্বে নামদফা ৰাষ্ট্ৰীয় উদ্যানত পক্ষী চাবলৈ অহা পৰ্যটকসকলক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হয়।
Assamese | December 29, 2024 12:16 PM | Arunachal Pradesh
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত কালি বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ