November 12, 2026 1:31 PM | Arunachal Pradesh

printer

অৰুণাচল প্ৰদেশত আজিৰে পৰা ড’ইমুখ উদ্যোগী সন্মিলন, ২০২৬ আয়োজন

অৰুণাচল প্ৰদেশৰ দৈমুখৰ চেলে ফুটছালত আজিৰে পৰা প্ৰথমবাৰৰ বাবে ড’ইমুখ উদ্যোগী সন্মিলন, ২০২৬ নামেৰে ব্যৱসায়ী আৰু গ্ৰাহকৰ সংযোগ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বি টু চি, অর্থাৎ বিজনেছ-টু-কনজিউমাৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ লঘু উদ্যোগ ভাৰতী, পাপুমপাৰে ইকো এগ্রো প্রজেক্ট আৰু পাপুমপাৰে টি এষ্টেট প্রাইভেট লিমিটেডৰ সহযোগত আয়োজিত এই দুদিনীয়া অনুষ্ঠানৰ লক্ষ্য হৈছে স্থানীয় উদ্যোগক প্ৰসাৰিত কৰা, গ্ৰাহকৰ সৈতে যোগাযোগক উৎসাহিত কৰা আৰু ঘৰতে উৎপাদিত সামগ্ৰীৰ ব্যৱসায়ীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শনৰ বাবে মঞ্চ প্ৰদান কৰা। এই অনুষ্ঠানত স্থানীয় উদ্যোগীসকলে গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন আৰু তেওঁলোকৰ সামগ্ৰীৰ প্ৰচাৰৰ লগতে ব্যৱসায়িক সুযোগ অন্বেষণৰ আৰু নতুন নতুন বজাৰত সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব।