উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্রস্তুত কৰিব। বান পৰিস্থিতি পর্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ইতিমধ্যে ১ লাখ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত ১০ আগষ্টত ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। পুৱাৰ ভাগত মুখমন্ত্ৰীয়ে জিলাখনৰ আশ্ৰয় শিবিৰত থকা বান ক্ষতিগ্রস্ত লোকসকলক সাক্ষাৎ কৰে। ড০ শৰ্মাই ৰাজীৱ গান্ধী ইন্ষ্টিটিউট অৱ পেট্’লিয়াম টেকন’ল’জী প্ৰতিষ্ঠানত বৰ্তমান আশ্রয় গ্রহণ কৰি থকা এহেজাৰ ৪০০ গৰাকী বানপীড়িত লোকৰ সমস্যাৰ বুজ লয়। প্রতিষ্ঠানটোৰ চৌহদত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে বানত প্রাণহানি হোৱা ১০ জন লোকৰ নিকটত্মীয়ক ৫ লাখ টকাকৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইয়াৰ পাছত তেওঁ পানবেচাকে ধৰি বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় লোকৰ অভাৱ-অভিযোগ সন্দৰ্ভত মত বিনিময় কৰে।
শিৱসাগৰ নগৰত জমা হৈ থকা পানী উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰি নিষ্কাষণ কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথত পর্যাপ্ত নলা-নৰ্দমা ব্যৱস্থা নথকাৰ ফলত পানী ওলাই যাব নোৱাৰাৰ বিষয়টো ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। উজনি অসমত প্ৰলয়ংকাৰী বানৰ কাৰণ আৰু খননকার্য সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, যে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জটিলতাৰ বাবে বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰা হ’ব। বানৰ কাৰণ নিৰ্ণয়ৰ বাবে উপগ্ৰহীয় তথ্যৰ সহায়ত আই আই টি গুৱাহাটী বা ৰুৰকীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ জৰিয়তে বিজ্ঞানসন্মত অধ্যয়ন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।