August 4, 2026 6:29 PM

views 9

অহা ৯ আগষ্টৰ পৰা উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অহা ৯ আগষ্টৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ'ব আৰু সংশ্লিষ্ট জিলাকেইখনৰ আয়ুক্তই সাহায্য লাভ কৰিবলগীয়া লোকৰ চূড়ান্ত তালিকা প্রস্তুত কৰিব। বান পৰিস্থিতি পর্যালোচনাৰ বাবে উজনি অসমলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দ্বিতীয় দিনা শিৱসাগৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ইতিমধ্যে ১ লাখ লোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বান সাহায্যৰ প্ৰথম পৰ্যায়ত ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে আৰু দ্বিতীয় পৰ্যায়ত ১০ আগষ্টত ১০ হাজাৰ টকাকৈ বিতৰণ কৰা হ'ব বুলি তেও...