স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।
এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ইফালে অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Assamese | September 7, 2026 1:06 PM | Akashvani Guwahati | IMD Alert | IMD weather
অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা