June 19, 2026 10:58 PM | neet 2026

printer

অহা ২১ জুনত হ’বলগীয়া নীটৰ সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা – নীট ২১ জুনত পুনৰ অনুষ্ঠিত কৰা হ’ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নির্দেশযোগে জিলাখনত নিৰ্ধাৰিত পাঁচটা পৰীক্ষা কেন্দ্ৰত ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ ১ নম্বৰ পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, শালনীবাৰীৰ বায়ুসেনা ঘাটি তেজপুৰৰ ২ নম্বৰ পি এম শ্রী কেন্দ্ৰীয় বিদ্যালয়, চোলমাৰাৰ ১নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু ন-পামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্রয়োজনীয় ব্যক্তিৰ সমাবেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা বা অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্রবেশ, ফটোগ্রাফী, ভিডিঅ গ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী সুৰক্ষা, জিম্মা আৰু পৰিবহনত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা ১৮ জুনৰ পৰা ২১ জুন পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।

 ইপিনে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা – নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধত একে ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে পৰীক্ষাত নিয়োজিত জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়াক সচেতন হ’বলৈ নিৰ্দেশ দিয়ে। পৰীক্ষা কেন্দ্ৰলৈ পৰিক্ষাৰ্থীয়ে কোনো ধৰণৰ বৈদ্যুতিন সামগ্ৰী নিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে।