অসম, মিজোৰাম আৰু মণিপুৰত সুৰক্ষা বাহিনীৰ অভিযানত এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্র উৎখাট কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শলাগ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে যোৱা শুকুৰবাৰে অসম, মিজোৰাম আৰু মণিপুৰৰ ৩৮টা স্থানত একেলগে অভিযান চলাই এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্র উৎখাট কৰাৰ বাবে ৰাজ্য তিনিখনৰ আৰক্ষী বাহিনী আৰু কেন্দ্রীয় সংস্থাসমূহকলৈ গঠিত ড্ৰাগছ বিৰোধী দলটোক অভিনন্দন জনাইছে।

কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে মোদী চৰকাৰে ট্রাইডেন্ট নামৰ এই অভিযানেৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িতসকলক মোক্ষম আঘাট হানিছে।

শ্রী শ্বাহে কয়, যে এই অভিযানৰ জৰিয়তে সুৰক্ষা বাহিনীয়ে ১০০ কোটি টকাৰ হাৱালা লেনদেনৰ তথ্য পোহৰলৈ আনে আৰু  ১৪২৪ টা বেংক একাউন্ট নিষ্ক্রিয়, ১৭ কোটি ৮২ লাখ টকাৰ সম্পত্তি, ১২ লাখ নগদ ধন তথা ৫০০ ডাল ডিটনেটৰ জব্দ কৰে। সংস্থাসমূহে ঘটনা সংক্রান্তত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ জনিবলৈ দিয়ে।

কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযানে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰতিটো ড্রাগছ চক্র পুলিয়ে পোখাই উৎখাট কৰাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে দেশৰ দৃঢ় সংকল্পৰ কথাকে প্রতিফলিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।