October 25, 2026 12:35 PM
2
অসম, মিজোৰাম আৰু মণিপুৰত সুৰক্ষা বাহিনীৰ অভিযানত এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্র উৎখাট কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ শলাগ
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে যোৱা শুকুৰবাৰে অসম, মিজোৰাম আৰু মণিপুৰৰ ৩৮টা স্থানত একেলগে অভিযান চলাই এটা আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্র উৎখাট কৰাৰ বাবে ৰাজ্য তিনিখনৰ আৰক্ষী বাহিনী আৰু কেন্দ্রীয় সংস্থাসমূহকলৈ গঠিত ড্ৰাগছ বিৰোধী দলটোক অভিনন্দন জনাইছে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে মোদী চৰকাৰে ট্রাইডেন্ট নামৰ এই অভিযানেৰে নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িতসকলক মোক্ষম আঘাট হানিছে। শ্রী শ্বাহে কয়, যে এই অভিযানৰ জৰিয়তে সুৰক্ষা বাহিনীয়ে ১০০ কোটি টকাৰ হাৱালা লেনদে...