অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ মালিনী গোস্বামীক অসম সাহিত্য সভাৰ সদস্য মহীয়ান অভিধা প্ৰদান

অসম সাহিত্য সভাই বিশিষ্ট গৱেষক, সাহিত্যিক, অনুবাদক তথা অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড০ মালিনী গোস্বামীক সদস্য মহীয়ান অভিধা প্ৰদান কৰিব।

প্ৰাচ্যতত্বৰ চৰ্চা আৰু গৱেষণাত মৌলিক বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে ড০ গোস্বামীলৈ এই অভিধা প্ৰদান কৰা হ’ব বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে।

অহা নৱেম্বৰ মাহৰ ভিতৰত যোৰহাটত ড০ গোস্বামীক এই সন্মান প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।