অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী শর্মাই কালি নতুন দিল্লীত এখন সংবাদমেলত অহা ৭ ডিচেম্বৰৰ ১২ বজাত অসম মন্ত্ৰীসভাৰ সামান্য সম্প্ৰসাৰণ কৰা হ’ব বুলি উল্লেখ কৰে। এই সম্প্ৰসাৰণত কিমানজন মন্ত্রী অন্তর্ভুক্ত হ’ব সেয়া আজি দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ পাছতহে সিদ্ধান্ত লোৱা হ’ব বুলিও মুখ্যমন্ত্রী শর্মাই মন্তব্য কৰে। লগতে এইবাৰ মন্ত্ৰীসভাত বৰাক উপত্যকাৰ পৰা প্ৰতিনিধি অন্তৰ্ভুক্ত কৰাৰ কথা তেওঁ উল্লেখ কৰে।
Assamese | December 5, 2024 1:21 PM | assam cabinet
অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা