ৰাজ্যৰ ১০৮ মৃত্যুঞ্জয় সেৱা উন্নীতকৰণৰ বাবে ১১৫ কোটি টকা আৱণ্টনত অসম মন্ত্রীসভাই অনুমোদন জনাইছে। আজি বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত হোজাই জিলাৰ সদৰ- শংকৰদেৱ নগৰৰ নাম শ্ৰীমন্ত শংকৰদেৱ নগৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ লগতে ৰাজ্যৰ কৃষি বিপণন কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ আঁচনিতো মন্ত্রীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকে মিছিং সকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙৰ দিনটো মিছিং বসতিপ্রধান ১১ খন জিলাত চৰকাৰী বন্ধৰূপে ঘোষণা কৰাৰো সিদ্ধান্ত লোৱাৰ লগতে অহা ২০২৫ বৰ্ষৰ অসম চৰকাৰৰ চৰকাৰী বন্ধ আৰু সীমিত বন্ধৰ তালিকা চূড়ান্ত কৰে। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই সিদ্ধান্তসমূহৰ বিষয়ে প্ৰকাশ কৰে।
Assamese | November 26, 2024 7:47 PM | assam cabinet
অসম মন্ত্রীসভাত কেইবাটাও সিদ্ধান্তত অনুমোদন