ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি চতুর্থ দিনা ৬খন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া প্রতিষ্ঠান বিধেয়ক-২০২৬, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক-২০২৬, অসম পৰ্য্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জন-বিশ্বাস বিধেয়ক-২০২৬ আৰু অসম দোকান-প্রতিষ্ঠান সংশোধনী বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। বিত্ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কাইলৈ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্য্যকালৰ প্ৰথমখন পূর্ণাঙ্গ বাজেট দাখিল কৰিব। এই বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি বিত্ত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।
Assamese | July 9, 2026 7:52 PM | Assembly Session
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুর্থ দিনা ৬খন গুৰুত্বপূর্ণ বিধেয়ক উত্থাপন