অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰে। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূর্বে এই অধিৱেশন সামৰা হয়।
অধিৱেশনৰ অন্তিম দিনটোত আজি ভূমি আৰু ৰাজহ নিয়ন্ত্রণ সংশোধনী বিধেয়ক গৃহীত কৰা হয়। এই বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্রয়-বিক্রয়ক লৈ সংশোধনী অনা হৈছে। ৰাজ্যৰ ২৫০ বছৰীয়া পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্রয় কৰিব নোৱাৰিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয়, যে আঢ়ৈশ বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব। ৩ প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা-বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
ধৰ্মীয় অনুষ্ঠানত ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমিপট্টা নথকা বা অকর্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে আদৰণি জনাইছে। বিধানসভাৰ এই সিদ্ধান্তই ৰাজ্যৰ ২৫০ বছৰ গৰকা সত্ৰ, মন্দিৰ আৰু অন্য ঐতিহ্য ক্ষেত্ৰসমূহৰ পৰম্পৰা অক্ষত কৰি ৰাখিব বুলি সংগঠনটোৱে মতপ্রকাশ কৰে।
এই পদক্ষেপে মাজুলী, বৰদোৱা, বৰপেটা, হাজোৰ পোৱামক্কা, কামাখ্যা মন্দিৰকে ধৰি ঐতিহাসিক ক্ষেত্ৰসমূহ সুৰক্ষিত কৰিব বুলি খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে মন্তব্য কৰে।