July 29, 2026 7:18 PM

views 11

অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ সামৰণি, ভূমি আৰু ৰাজহ নিয়ন্ত্রণ সংশোধনী বিধেয়ক গৃহীত

অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰে। উজনি অসমৰ ৪ খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূর্বে এই অধিৱেশন সামৰা হয়।  অধিৱেশনৰ অন্তিম দিনটোত আজি ভূমি আৰু ৰাজহ নিয়ন্ত্রণ সংশোধনী বিধেয়ক গৃহীত কৰা হয়। এই বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্রয়-বিক্রয়ক লৈ সংশোধনী অনা হৈছে। ৰাজ্যৰ ২৫০ বছৰীয়া পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্রয় কৰিব নোৱাৰিব।  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয়, যে আঢ়ৈশ ব...