অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা-আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্র্যপূর্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়।
ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূর্ণৰূপে প্রতিশ্রুতিবদ্ধ বুলিও তেওঁ প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শৰ্মাই ভাষাটোৰ বিকাশ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজতো ভাষাটোৰ স্বকীয়তা অটুট ৰাখিবলৈ ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
ইপিনে অসম বিধানসভাত এতিয়াৰে পৰা অসমীয়া, ইংৰাজী, বড়ো ভাষাৰ লগতে হিন্দী ভাষা প্ৰচলনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। বিধানসভাৰ সাধাৰণ কাৰ্য উদ্দেশ্য সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।