অসম বিধানসভাৰ অধিবেশনত বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাৰ বিবৃতি

অসম বিধানসভাৰ অধিবেশনৰ আজি নৱম দিনা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই বিবৃতি প্ৰকাশ কৰে। 

মন্ত্ৰী শ্ৰীহাজৰিকাই এইবাৰৰ বানক অভাৱনীয় আৰু অভূতপূৰ্ব বুলি অভিহিত কৰে। তেওঁ কয়, যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত লোকসকলৰ উদ্ধাৰ, আশ্রয় প্রদান, খাদ্য যোগান, চিকিৎসা আৰু অন্যান্য জৰুৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্রশাসন, এছ দি আৰ এফ, এন দি আৰ এফ আৰু অন্যান্য সংস্থাসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে বানপ্ৰভাৱিত লোকৰ মাজত হেলিকপ্তাৰেৰে খাদ্য সামগ্রী বিতৰণ কৰাৰ ব্যৱস্থা কৰিছে।

আজি বিধানসভাত বান পৰিস্থিতিক লৈ আলোচনা কৰাৰ বাবে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল যদিও বিধানসভাৰ অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।