ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ ২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্রকল্প গ্রন্থবর্ষ ২০২৫ ফেল’শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠন কৰা ১০জনীয়া সমিতিয়ে ফেল’শ্বিপ প্রাপকসকলক বাছনি কৰে। অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষাৰ বাবে মুঠ ২২টা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা পাণ্ডুলিপি আহ্বান কৰা হৈছিল। সেই অনুসৰি ৫১২গৰাকী বিভিন্ন বিষয়ৰ মুঠ ৫৪৭টা পাণ্ডুলিপি পৰিষদে লাভ কৰিছিল। এই পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰক সমিতিয়ে ৪৯গৰাকী লেখকক ফেল’শ্বিপৰ বাবে নিৰ্বাচন কৰে।
Assamese | July 3, 2026 1:11 PM | Assam Govt
অসম প্ৰকাশন পৰিষদৰ গ্রন্থবর্ষ ২০২৫ ফেল’শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা