July 2, 2026 11:18 AM | Assam Govt

printer

অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি

অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি কৰা হয়। অসমৰ যুৱক- যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেছনৰ সঞ্চালক কোজি ছাট আৰু ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত-জাপান ব্যৱসায় পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে, জাপানী ভাষা প্রশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত ২৯ গৰাকী শিক্ষক থাকিব। ৮ মাহ ধৰি চলিবলগীয়া এই শিৱিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্রশিক্ষকে প্রশিক্ষণ প্রদান কৰিব। প্ৰশিক্ষণপ্রাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্র-ছাত্রীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্রশিক্ষণ প্রদান হ’ব বুলি উল্লেখ কৰে।