অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে এক লাখ ৭২ হাজাৰ ৬৭৩ জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ ৩০ জুন পর্যন্ত ৰাজ্য চৰকাৰে ৩১ হাজাৰ ৭৮৯ জন বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়, যে ২৯ হাজাৰ ৬৬৩ জন বিদেশীক ইতিমধ্যে পুচবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মটিয়াৰ ট্ৰেনজিত কেম্পত মুঠ ১৭৪ জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে । ২০১১ চনৰ পৰা চলিত বৰ্ষৰ ৩০ জুনলৈ মুঠ দুহেজাৰ ৩৬৬ জন বিদেশী বহিষ্কাৰ কৰা হৈছে। ২০১১ জনত ১৫২ জন, ২০১২ চনত ৬৬ জন, ২০১৩ চনত ৩৩ জন, ২০১৪ চনত ২৪ জন, ২০১৫ চনত এজন, ২০১৬ চনত ১৩ জন, ২০১৭ চনত ২৬ জন, ২০১৮ চনত ৩৫ জন, ২০১৯ চনত ৮৭ চন, ২০২০ চনত ৬৯ জন, ২০২১ চনত ৩৩ জন, ২০২২ চনত ৬৩ জন, ২০২৩ চনত ৫২ জন, ২০২৪ চনত ৮ জন, ২০২৫ চনত এহেজাৰ ৪১১ জন আৰু ২০২৬ চনত ২৬৩ জন বদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে ৭০ জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত ছজন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে।
Assamese | July 7, 2026 11:34 AM | Foreigner identityfication
অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে ১,৭২, ৬৭৩ জন বিদেশী চিনাক্ত