ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কার্যক্রম ডিব্ৰুগড়ৰ উদ্যোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে এটা বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। বেংগালুৰুৰ নাৰায়ণা হৃদয়ালয়াৰ ৬ জন বিশেষ শিশু চিকিৎসকে সেৱা আগবঢ়োৱা এই শিবিৰত বিশেষকৈ ডিব্ৰুগড় আৰু চৰাইদেউৰ লিউকেমিয়া, থেলাছেমিয়াকে আদি কৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হোৱা শিশুসকলৰ চিকিৎসা প্ৰদানৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। প্ৰায় ৩০০ৰো অধিক শিশুৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা এই শিবিৰৰ শুভ উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ সঞ্জীৱ কাকতিয়ে। পৰৱৰ্তী পৰ্যায়ত জন্মৰ পৰা ১৪ মহীয়া শিশুৰ বাবে এই ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থিৰ মজ্জা সংৰোপন সম্পৰ্কীয় তথা জন্মৰ পৰা ১৮ মহীয়া হৃদৰোগত আক্ৰান্ত শিশুক সম্পূর্ণ বিনামূলীয়াকৈ স্বাস্থ্যসেৱা উপলব্ধ হ’ব।
Assamese | September 7, 2024 7:47 PM | Assam medical college | Dibrugarh
অসম চিকিৎসা মহাবিদ্যালয়ত হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগত আক্ৰান্ত শিশুসকলৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত