নাগালেণ্ডৰ লংলেং জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ য়ংলক ৰাজহুৱা খেলপথাৰত আজি অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ এক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু সমন্বয় অধিক মজবুত কৰাৰ উদ্দেশ্যে দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই কাৰ্যসূচীত নাগালেণ্ডৰ তামলু বিধানসভা সমষ্টিৰ বিধায়ক, লংলেং বিধানসভা সমষ্টিৰ বিধায়ক, অসমৰ নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে লংলেং আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ বহুকেইজন বিষয়া আৰু ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসমৰ বিহু হুছৰি আৰু জেং বিহু নৃত্য প্ৰদৰ্শন কৰা হয়। ইপিনে, নাগালেণ্ডৰ বহুকেইটা সাংস্কৃতিক দলে তেওঁলোকৰ ঐতিহ্যমণ্ডিত লোকনৃত্যৰ মাধ্যমেৰে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰে।
Assamese | May 16, 2025 8:55 PM | Assam-Nagaland
অসম আৰু নাগালেণ্ডৰ মাজত সাংস্কৃতিক বিনিময়ৰ বিশেষ কার্যসূচী