ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কাইলৈ দিনৰ ১০ বজাত আয়োজিত শ্বহীদ দিৱস অনুষ্ঠানত অসম আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰা হ’ব। এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্য কোষৰ ষষ্ঠ খণ্ডটো উন্মোচন কৰা হ’ব।
Assamese | December 9, 2024 1:36 PM | Akashvani | Assam | Swahid Divas
অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত কাইলৈ গুৱাহাটীত শ্বহীদ দিৱসৰ আয়োজন